পৱন খেড়াক পুনৰ তলব অসম ক্রাইম ব্রাঞ্চৰ
Oplus_131072
- ২৫ মে’ত পুনৰ হাজিৰ হ’ব লাগিব পৱন খেড়াক
- মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ অভিযোগক কেন্দ্ৰ কৰি তদন্ত
- দুদিন ধৰি ক্রাইম ব্রাঞ্চত জেৰা
- নকল নথি ব্যৱহাৰৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ
- দুদিনীয়া জেৰাৰ পিছত পুনৰ তলব
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৫ মে’: পৱন খেড়াক অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চে পুনৰ ২৫ মে’ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই দাখিল কৰা গোচৰৰ তদন্তৰ অংশ হিচাপে এই জেৰা চলিছে।
বৃহস্পতিবাৰে গুৱাহাটীৰ ক্রাইম ব্রাঞ্চ কাৰ্যালয়ত দ্বিতীয় দিনৰ বাবে জেৰা শেষ কৰি বাহিৰ ওলাই খেড়াই সংবাদ মাধ্যমক কয় যে তেওঁ তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়াই আছে আৰু ২৫ মে’ত পুনৰ উপস্থিত হ’ব।
খেড়াই ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে একাধিক পাছপ’ৰ্ট আৰু বিদেশী সম্পত্তি লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ পিছতেই বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হয়।
অসম আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ অধীনত ভুৱা তথ্য প্ৰচাৰ, জালিয়াতি, জাল নথি ব্যৱহাৰ, মানহানি আৰু শান্তিভংগৰ উদ্দেশ্যে অপমানজনক মন্তব্য কৰাৰ দৰে অভিযোগ আনিছে।
পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে খেড়াৰ আগতীয়া জামিন আবেদন খাৰিজ কৰিছিল। পিছত ভাৰতৰ উচ্চতম ন্যায়ালয় তেওঁক আগতীয়া জামিন প্ৰদান কৰি বিষয়টো ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ ফল বুলি মন্তব্য কৰিছিল।
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰে লিখিতভাৱে খেড়াই প্ৰদৰ্শন কৰা নথিসমূহ “ভুৱা” বুলি জনাইছে আৰু তদন্ত আইনৰ পথ অনুসৰিয়েই আগবাঢ়িব।
