Global Assam News

Global and Local Assam News Website

সুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক হত্যাকাণ্ডত ৩ জন গ্ৰেপ্তাৰ

  • পশ্চিমবংগ আৰক্ষীৰ জালত উত্তৰ প্ৰদেশৰ ৩ অভিযুক্ত
  • সুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰাথ হত্যাকাণ্ডৰ তদন্ত তীব্ৰ
  • নিশাই উত্তৰ প্ৰদেশৰ পৰা পশ্চিমবংগলৈ অনা হয় অভিযুক্তসকলক
  • আৰক্ষীৰ জেৰা অব্যাহত

সমগ্ৰ সমাচাৰ সেৱা
পশ্চিমবংগ, ১১ মে’: পশ্চিমবংগত বিৰোধী দলনেতা সুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰাথ হত্যাকাণ্ডৰ তদন্তত নতুন মোড় আহিছে। সূত্ৰৰ তথ্য অনুসৰি, পশ্চিমবংগ আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ পৰা তিনিজন সন্দেহভাজন ব্যক্তিক আটক কৰিছে।
জানিব পৰা মতে, অভিযুক্তসকলক উত্তৰ প্ৰদেশত অভিযান চলাই গ্ৰেপ্তাৰ কৰাৰ পাছত নিশাই পশ্চিমবংগলৈ অনা হয়। বৰ্তমান আৰক্ষীয়ে তেওঁলোকক সোধ-পোছ অব্যাহত ৰাখিছে।

এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি পশ্চিমবংগত ৰাজনৈতিক মহলতো ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত সম্ভাব্য ষড়যন্ত্ৰ আৰু আন লোকৰ সম্পৃক্ততাৰ দিশতো তদন্ত চলাই আছে।

সূত্ৰসমূহে জনোৱা মতে, তদন্তকাৰী দলটোৱে বিভিন্ন ডিজিটেল তথ্য, ফোন কলৰ ৰেকৰ্ড আৰু যাতায়তৰ তথ্য পৰীক্ষা কৰি আছে। যদিও আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে অধিক তথ্য প্ৰকাশ কৰা হোৱা নাই, তথাপিও তদন্ত দ্রুতগতিত আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *