Global Assam News

Global and Local Assam News Website

হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণৰ পূৰ্বে গুৱাহাটীত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকল

  • অসমৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব হিমন্ত বিশ্ব শৰ্মাই
  • গুৱাহাটীত উপস্থিত মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচন্দ সিং
  • উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেনেও অংশগ্ৰহণ কৰিব অনুষ্ঠানত
  • ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাৰো গুৱাহাটী আগমন

গুৱাহাটীত ৰাজনৈতিক ব্যস্ততা

সমগ্ৰ সমাচাৰ সেৱা
অসম, ১১ মে’: অসমৰ মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ অনুষ্ঠানক কেন্দ্ৰ কৰি গুৱাহাটীত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। এই উপলক্ষে উত্তৰ-পূবৰ কেইবাজনো শীৰ্ষ নেতা ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচন্দ সিং সোমবাৰে গুৱাহাটীত উপস্থিত হয়। তেওঁৰ সৈতে উপস্থিত থাকে মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেন। দুয়োগৰাকী নেতাই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

ইফালে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাও গুৱাহাটীত উপস্থিত হৈছে। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তেওঁ অসমলৈ আহিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া এই শপতগ্ৰহণ অনুষ্ঠানত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক নেতা আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব বুলি আশা কৰা হৈছে। অনুষ্ঠানটোক কেন্দ্ৰ কৰি ইতিমধ্যে খানাপাৰা অঞ্চলত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *