Global Assam News

Global and Local Assam News Website

  • আজি মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড° হিমন্ত বিশ্ব শৰ্মাই
  • ৪ গৰাকী কেবিনেট মন্ত্ৰীয়েও গ্ৰহণ কৰিব শপত
  • উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,
  • কেন্দ্ৰীয় গৃহমন্ত্ৰীসহ বহু গণ্যমান্য ব্যক্তি
  • বিধানসভাৰ অধ্যক্ষ পদৰ বাবে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দাস
  • উন্নত আৰু সমৃদ্ধ অসমৰ লক্ষ্যৰে একেলগে কাম কৰাৰ আহ্বান

হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৪ মন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষ হিচাপে ৰঞ্জিত দাস

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী,১২ মে’: অসমৰ ৰাজনীতিত আজি এক গুৰুত্বপূর্ণ দিন। ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰাৰ লগতে তেওঁৰ সৈতে আন ৪ গৰাকী বিধায়কেও কেবিনেট মন্ত্ৰী হিচাপে শপত ল’ব। এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বহু বিশিষ্ট অতিথি।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ঘোষণা কৰি কয় যে বিজেপিৰ ৰামেশ্বৰ তেলী, অসম গণ পৰিষদৰ অতুল বৰা, বিপিএফৰ চৰণ বড়ো আৰু বিজেপিৰ অজন্তা নেওগে তেওঁৰ সৈতে মন্ত্ৰী হিচাপে শপত ল’ব। লগতে বিজেপিৰ জ্যেষ্ঠ বিধায়ক ৰঞ্জিত দাসক অসম বিধানসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে।

ড° শৰ্মাই সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাই কয় যে, “শক্তিশালী, উন্নত আৰু সমৃদ্ধ অসম গঢ়াৰ লক্ষ্যৰে আমি একেলগে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি যাম।”

খানাপাৰাস্থিত অনুষ্ঠানস্থলীত ব্যাপক প্ৰস্তুতি সম্পন্ন কৰা হৈছে। ৰাজ্যজুৰি বিজেপি আৰু মিত্ৰদলসমূহৰ কৰ্মী-সমৰ্থকৰ মাজত উৎসাহৰ পৰিৱেশ দেখা গৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *