Global Assam News

Global and Local Assam News Website

টুইশা শৰ্মাৰ মৃত্যুক লৈ নতুন মোড়, প’ষ্টমৰ্টেম ৰিপ’ৰ্টত গুৰুত্বপূৰ্ণ তথ্য

Oplus_131072

  • AIIMS ভূপালৰ প’ষ্টমৰ্টেম ৰিপ’ৰ্টত টুইশা শৰ্মাৰ মৃত্যুৰ কাৰণ উল্লেখ
  • শৰীৰত একাধিক আঘাতৰ চিহ্ন পোৱা বুলি ৰিপ’ৰ্টত উল্লেখ
  • ঘটনাৰ তদন্ত অধিক তীব্ৰ কৰিছে আৰক্ষীয়ে
  • পৰিয়ালৰ দ্বিতীয় প’ষ্টমৰ্টেম আৰু স্বতন্ত্ৰ তদন্তৰ দাবী

প’ষ্টমৰ্টেম ৰিপ’ৰ্টত নতুন তথ্য

সমগ্ৰ সমাচাৰ সেৱা
ভূপাল, ২০ মে’: টুইশা শৰ্মাৰ মৃত্যুক লৈ AIIMS ভূপালৰ প’ষ্টমৰ্টেম ৰিপ’ৰ্টত কিছু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পোৱাৰ পিছতে ঘটনাটোৱে নতুন মোড় লৈছে। ৰিপ’ৰ্টত মৃত্যুৰ কাৰণ হিচাপে ফাঁচৰ সৈতে জড়িত তথ্য উল্লেখ কৰাৰ লগতে শৰীৰত একাধিক আঘাতৰ চিহ্ন পোৱা বুলি কোৱা হৈছে।

এই তথ্যসমূহ প্ৰকাশ পোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অধিক তীব্ৰ কৰি তুলিছে। অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাই। প’ষ্টমৰ্টেমৰ তথ্যই তদন্তৰ দিশ অধিক স্পষ্ট কৰিব বুলি ধাৰণা কৰা হৈছে।

ইফালে, টুইশা শৰ্মাৰ পৰিয়ালে ঘটনাটোৰ পূৰ্ণ সত্য উদঘাটনৰ স্বাৰ্থত দ্বিতীয়বাৰৰ বাবে প’ষ্টমৰ্টেম কৰাৰ লগতে স্বতন্ত্ৰ তদন্তৰ দাবী উত্থাপন কৰিছে। ঘটনাটোক লৈ এতিয়া তদন্তৰ অগ্ৰগতিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *