Global Assam News

Global and Local Assam News Website

BROৰ Project Brahmank-এ পাছিঘাটত উদযাপন কৰিলে ৬৭ সংখ্যক Raising Day

  • অৰুণাচলৰ পাছিঘাটস্থিত ৰাণেঘাট মুখ্য কাৰ্যালয়ত উদযাপন
  • ৮১১ কিলোমিটাৰ পথ নেটৱৰ্কৰ দায়িত্ব পালন Project Brahmankৰ
  • ১৩খন নতুন ব্ৰীজ উদ্বোধনে সীমান্ত সংযোগ অধিক শক্তিশালী
  • “BRO Creates, Connects and Cares” শীৰ্ষক থীমেৰে অনুষ্ঠান আয়োজন
  • দূৰৱৰ্তী অঞ্চলত চিকিৎসা শিবিৰ, বৃক্ষৰোপণ আৰু স্বচ্ছতা অভিযান

সীমান্ত সংযোগ আৰু কৌশলগত আন্তঃগাঁথনি উন্নয়নত BROৰ গুৰুত্বপূৰ্ণ ভূমিকা

সমগ্ৰ সমাচাৰ সেৱা
অৰুণাচল, ৮ মে’: অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাছিঘাটত অৱস্থিত ৰাণেঘাট মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে Border Roads Organisation (BRO)-ৰ Project Brahmank-এ ৬৭ সংখ্যক Raising Day উদযাপন কৰে। দেশৰ সীমান্ত অঞ্চলসমূহত কৰ্মৰত BROৰ বিভিন্ন ইউনিটৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠান আয়োজন কৰা হয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি Project Brahmankৰ Chief Engineer এছ চি লুনিয়াই কয় যে, ১৯৬০ চনৰ ৭ মে’ত BRO গঠন কৰা হৈছিল দেশৰ সীমান্ত সুৰক্ষা আৰু দুৰ্গম অঞ্চলত কৌশলগত আন্তঃগাঁথনি গঢ়ি তোলাৰ উদ্দেশ্যে। তেওঁ উল্লেখ কৰে যে BRO-ই এতিয়ালৈকে ভাৰতৰ ১৯খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে আফগানিস্তান, ভূটান, ম্যানমাৰ, তাজিকিস্তান আৰু শ্ৰীলংকাতো গুৰুত্বপূৰ্ণ প্ৰকল্প সম্পন্ন কৰিছে।

Project Brahmank-এ বৰ্তমান চিয়াং, পূব চিয়াং, পশ্চিম চিয়াং, আপাৰ চিয়াং আৰু শি-য়োমি জিলাত ৮১১ কিলোমিটাৰ পথৰ নিৰ্মাণ, উন্নয়ন আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব পালন কৰি আছে। বিগত বৰ্ষত প্ৰকল্পটোৱে ৫৯০ মিটাৰ দৈৰ্ঘ্যৰ ব্ৰীজ নিৰ্মাণ, ৬১ কিলোমিটাৰ ব্লেকটপিং আৰু ১৩খন ব্ৰীজ সম্পূৰ্ণ কৰে।

ইয়াৰ উপৰিও টুটিং, মেচুকা, আলং,ইংকিয়ং আৰু লিকাবালি অঞ্চলত চিকিৎসা আৰু দন্ত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে বৃক্ষৰোপণ আৰু নদী পৰিষ্কাৰ অভিযান চলোৱা হয়।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *