মেঘালয়ত নিউ শ্বিলং পানী যোগান প্ৰকল্পৰ ব্যয় বৃদ্ধি, সংশোধিত খৰচ ₹৭৭২.৯৬ কোটি
Oplus_131072
- নিউ শ্বিলং টাউনশ্বিপ পানী যোগান আঁচনিৰ ব্যয় ৪৩.৫৫% বৃদ্ধি
- পূৰ্বৰ ₹৫৩৮.৪৪ কোটিৰ পৰা বৃদ্ধি পাই ₹৭৭২.৯৬ কোটি
- বাঁধ নিৰ্মাণ স্থান সলনি কৰাৰ ফলত ডিজাইন পৰিবর্তন
- পৰিবেশ আৰু কাৰিকৰী কাৰণত নতুন অবকাঠামোগত সংশোধন
- মৌখানু নলেজ চিটি আৰু ৩২খন গাঁওক বিশুদ্ধ পানী যোগানৰ লক্ষ্য
- ২০৫৭ চনলৈকে জনসংখ্যা আৰু পানীৰ চাহিদা ধৰি পৰিকল্পনা
- প্ৰকল্পৰ ব্যয় ৪৩ শতাংশৰো অধিক বৃদ্ধি
সমগ্ৰ সমাচাৰ সেৱা
মেঘালয়, ৮ মে’: মেঘালয় চৰকাৰে নিউ শ্বিলং টাউনশ্বিপ পানী যোগান আঁচনিৰ সংশোধিত ব্যয় ₹৭৭২.৯৬ কোটি বুলি ঘোষণা কৰিছে। পূৰ্বে এই প্ৰকল্পৰ বাবে ₹৫৩৮.৪৪ কোটি অনুমোদিত হৈছিল যদিও এতিয়া ব্যয় বৃদ্ধি পাই অতিৰিক্ত ₹২৩৪.৫২ কোটি সংযোজন কৰা হৈছে। চৰকাৰী স্পষ্টীকৰণ অনুসৰি, এই বৃদ্ধি মূলতঃ বাঁধ নিৰ্মাণ স্থান সলনি কৰা আৰু তদনুসৰি ডিজাইন আৰু অবকাঠামোগত পৰিবর্তনৰ ফল।
চৰকাৰে জনোৱা মতে, পৰিবেশগত প্ৰভাৱ কমোৱা আৰু কাৰিকৰী সমস্যাৰ সমাধানৰ উদ্দেশ্যে প্ৰকল্পত একাধিক সংশোধন আনা হৈছে। ইয়াৰ বাবে নতুন পাইপলাইন, পানী সংৰক্ষণ ব্যৱস্থা আৰু আন আন পৰিকাঠামো পুনৰ পৰিকল্পনা কৰিবলগীয়া হৈছে।
এই বৃহৎ পানী যোগান প্ৰকল্পৰ লক্ষ্য হৈছে মৌখানু নলেজ চিটি আৰু ওচৰ-পাজৰৰ ৩২খন গাঁৱৰ বাসিন্দাক বিশুদ্ধ খোৱা পানী যোগান ধৰা। চৰকাৰে কয় যে ২০৫৭ চনলৈকে সম্ভাব্য জনসংখ্যা বৃদ্ধি আৰু পানীৰ চাহিদা মনত ৰাখি এই পৰিকল্পনা প্ৰস্তুত কৰা
