Global Assam News

Global and Local Assam News Website

খানাপাৰাৰ শপত গ্ৰহণস্থলীত উদ্ধাৰ লাইভ বুলেট

Oplus_131072

  • খানাপাৰাৰ শপত গ্ৰহণ অনুষ্ঠানস্থলীত সুৰক্ষা ভংগৰ ঘটনা
  • এজন ব্যক্তিৰ ওচৰত উদ্ধাৰ লাইভ বুলেট
  • সন্দেহযুক্ত ব্যক্তিক আটক কৰিলে আৰক্ষীয়ে
  • ঘটনাস্থলীত অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা
  • অনুষ্ঠানস্থলীত চাঞ্চল্য

সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১২ মে’: গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে এক সুৰক্ষা ভংগৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। অনুষ্ঠানস্থলীত নিৰাপত্তা তল্লাচীৰ সময়ত এজন ব্যক্তিৰ ওচৰত এটা লাইভ বুলেট উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ এলেকাত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাৰ পিছতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰি সন্দেহযুক্ত ব্যক্তিজনক আটক কৰে। উদ্ধাৰ হোৱা গুলীটো জব্দ কৰাৰ লগতে ব্যক্তিজনক সোধা-পোছা অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাই। প্ৰাথমিকভাৱে ঘটনাটোক গুৰুত্বসহকাৰে লোৱা হৈছে বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে।

ঘটনাৰ পাছতে খানাপাৰা অঞ্চল আৰু শপত গ্ৰহণস্থলীৰ নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে। অনুষ্ঠানস্থলীত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিৰ ওপৰত কঠোৰ তল্লাচী চলোৱা হৈছে। উচ্চপদস্থ আৰক্ষী বিষয়া আৰু নিৰাপত্তা সংস্থাসমূহেও পৰিস্থিতিৰ ওপৰত নিবিড় নজৰ ৰাখিছে।

উল্লেখযোগ্য যে, এই শপত গ্ৰহণ অনুষ্ঠানত বহু বিশিষ্ট অতিথি আৰু ৰাজনৈতিক নেতাৰ উপস্থিতি থাকিব বুলি আশা কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *